The cultivation practice and future chances of apple ber in Assam(অসম ত আপেল বগৰীৰ খেতিৰ প্ৰয়োজনীয় ব্যৱস্থা আৰু ইয়াৰ ভৱিষ্যত সম্ভাৱনা)
আপেল বগৰী জাতবিধৰ মূল ঠাই হল থাইলেণ্ড।বৰ্তমান সময়ৰ মুখ্য সাম্ভাব্য ফল হিচাপে আপেল বগৰীৰ খেতিৰ গুৰুত্ত্ব অধিক।
তলত আপেল বগৰীৰ বিষয়ে কিছু তথ্য আগবঢ়োৱা হল-
*আপেল বগৰীৰ ফল উৎপাদন ৰোৱাৰ 6-8 মাহৰ পিছত আৰম্ভ হয়।সাধাৰণতে আপেল বগৰীৰ গছডাল 10-15 ফুট ওখ হয়।
*গছবিধে বছৰত দুবাৰ ফল উৎপাদন কৰে।
*ফল উৎপাদন কৰাৰ সময় হল ডিচেম্বৰ-জানুৱাৰী।
*1ম বছৰৰ উৎপাদন হয় 25-30কেজি।
2য় বছৰৰ উৎপাদন হয় 45-50কেজি।
*হায়দৰাবাদ হল আপেল বগৰীৰ এখন বিখ্যাত বজাৰ।
*গছবিধৰ জীৱন কাল হল 20 বছৰ।
ৰোপন প্রণালী
সাধাৰণতে আপেল বগৰীৰ খেতি গুটি অথবা সঠিক কটা ডালৰ পৰা কৰা হয়।
ডালৰ পৰা ৰোপণ কৰিব লাগিলে ডালৰ দৈর্ঘ 10-12 চেমি হব লাগে।
ৰোপনৰ সময়
সাধাৰণতে ডালৰ ৰোপণ সময় হল জুলাই-আগষ্ট।
মাটিৰ প্ৰকাৰ
মাটিৰ প্ৰকাৰ সাৰুৱা,ওখ মাটি যত পানী জমা নহয়,আৰু সাৰুৱা বালি মাটি হব লাগে।পানীৰ অভাৱ হোৱা মাটিত এইবিধ খেতি ভাল নহয়।
ফলবিধৰ বিভিন্ন প্ৰকাৰ
উমৰাণ, কাৰাকা, গলা,চেব, ইত্যাদি।
এইবোৰৰ ভিতৰত উমৰান প্ৰকাৰৰ ফলবিধ আটাইতকৈ ভাল।


Comments
Post a Comment